
স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনে স্বাভাৱিক।বৰষুণ আহিলে মহানগৰী অধিকাংশ পথ ডুবযায় কৃত্ৰিম বানপানীত।শুকুৰবাৰে পুৱাৰে পৰাৰ হোৱা বৰষুণত স্মাৰ্ট মহানগৰীৰ ৰাজপথ ডুব গৈছে কৃত্ৰিম বানপানীত।যাতায়ত স্তব্ধ হৈছে বহুকেইটা মূল পথত।
চানমাৰি, জু-ৰোড, ভি’আইপি ৰোড, আমবাৰী আদি এতিয়া পানী তলত।পুৱাৰ কাৰ্যালয়লৈ যোৱাত সমস্যা সৃষ্টি হৈছে কৰ্মচাৰী।একেদৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীও পৰিছে অসুবিধাত।

গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শ্ৰেষ্ঠ মহানগৰত গুৱাহাটী মহানগৰীক স্থান দিয়া কথা পৰিকল্পনা কৰিছে।স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলা বাবে হাতত লৈছে বহু প্ৰকল্প।কিন্তু দীৰ্ঘদিন ধৰি গুৱাহাটীৰ জনতাই সন্মুখীন হৈ অহা কৃত্ৰিম বানপানীৰ আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰকাৰে।













