বদগামত চৰকাৰী কার্যালয়ত বহি কাম কৰি আছিল এজন কাশ্মীৰী পণ্ডিত যুৱকে। সেই সময়তে তাত প্ৰৱেশ কৰি তেওঁক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। ঘটনাস্থলীতেই মৃত্যু হয় ৰাহুল ভাট নামৰ যুৱকজনৰ। তাৰ পিছতেই তীব্র ক্ষোভ প্রকাশ কৰে উপত্যকাটোৰ কাশ্মীৰী পণ্ডিতসকলে। তেওঁলোকৰ সুৰক্ষাৰ দাবীত ওৰে নিশা পথ অৱৰোধ কৰি ৰাখে। শ্লোগান দিয়ে মোদী–শ্বাহৰ বিৰুদ্ধেও। বৃহস্পতিবাৰে নিশাৰ পৰা বিক্ষোভত চামিল হয় কাশ্মীৰী পণ্ডিতসকল। ট্রানজিট কেম্প এৰি পথত নামে তেওঁলোক। হাতত টর্চ জ্বলাই প্রতিবাদ কৰে। দাবী এটাই, উপত্যকাটোত সুৰক্ষা দিব লাগিব কাশ্মীৰী পণ্ডিতসকলক। তাৰ দায়িত্ব ল’ব লাগিব কেন্দ্রই। এই সন্দৰ্ভত ব্যর্থতাৰ আঙুলি টোঁৱাই মোদী চৰকাৰৰ দিশে। উপ-ৰাজ্যপাল মনোজ সিনহাৰ বিৰুদ্ধেও শ্লোগান দিয়ে প্রতিবাদীসকলে।
উল্লেখ্য, বদগাম জিলাৰ চাদুৰাত তহশিলদাৰৰ কাৰ্যালয়ত চাকৰি কৰিছিল ৰাহুল ভাটে। বৃহস্পতিবাৰে তাত প্ৰৱেশ কৰি তেওঁক লক্ষ্য কৰি গুলী চলায় । তাৰ পিছত পলাই যায়। ৰাহুলক হস্পিটেললৈ লৈ গ’লেও শেষৰক্ষা নহ’ল। ২০১০ চনত কাশ্মীৰী পণ্ডিতসকলক চৰকাৰী চাকৰিত নিয়োগৰ বিশেষ পেকেজ ঘোষণা কৰিছিল কেন্দ্রই। তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল। তাৰে অধীনত বিগত ১০ বছৰ ধৰি উক্ত চাকৰি কৰি আছিল ৰাহুলে।