![]()
আজি উত্তৰ গুৱাহাটী আৰক্ষীৰ হাতত আটক দুই চিলনী চোৰ ক্ৰমে কেশৱ বনিয়া আৰু নয়ন মণ্ডল। ভেটামুখৰ ভাৰাঘৰৰ পৰা আটক হোৱা এই দুই চিলনী চোৰে বিগত বহু দিনৰ পৰা এক বৃহৎ নেটৱৰ্কৰে পথৰ পৰা মোবাইল আৰু ধন কাঢ়ি নিয়াৰ সৈতে জড়িত আছিল।
ইয়াৰ সমান্তৰালকৈ, গৌৰীপুৰ আৰক্ষীয়েও আজি এক গোপন সূত্ৰৰ পম খেদি উত্তৰ গুবাহাটীৰ ভাৰাঘৰৰ পৰা ইৰাণী গ্ৰুপৰ দুই সদস্য ক্ৰমে অংকুৰ কুমাৰ আৰু প্ৰাঞ্জল কলিতাক আটক কৰে।
এই অভিযানত আৰক্ষীয়ে অংকুৰৰ কোঠাত এটি হাতেসজা পিষ্টল, দুজাঁই সক্ৰিয় গুলী আৰু এখন বুলেটৰ লগতে ষাঠিটাৰো অধিক ম’বাইল হেণ্ডছেট, ঘৰুৱা আচবাব উদ্ধাৰ কৰে। লগতে, দুই ইৰাণী গ্ৰুপৰ চোৰৰ পৰা উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত অতি সূক্ষ্ম ম’বাইল নাম্বাৰৰ ডায়েৰী আৰু তলা খোলা মাষ্টাৰ চাবি দুপাটো জব্দ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, জব্দ হোৱা উক্ত ম’বাইল ফোনৰ ডায়েৰীত ৰাজ্যৰ বাহিৰৰ লোকৰ নাম আৰু ফোন নম্বৰ আছে । আনহাতে তিনি ইৰাণী গ্ৰুপৰ সদস্যই সোমবাৰেই ৰে’লেৰে দিল্লী অভিমুখে ৰাওনা হয়।
এই প্ৰসংগত ভাৰাতীয়া ঘৰৰ মালিকে কয় যে, এই দুই যুৱকে নিজৰ বাবে ভাৰা কৰাত কোঠাত নিশা হ’লে চাৰি-পাঁচজন যুৱক সোমাই থাকে। দিনত এজনো নাথাকে যদিও নিশা এনেদৰে কোঠাত অচিনাকি যুৱকে থিতাপি লয়। কিছুদিনৰ পৰা ঘৰৰ গৰাকীৰ সন্দেহ উপজিছিল তেওঁলোকৰ ওপৰত।
গৌৰীপুৰ আৰক্ষীয়ে নিয়োগ কৰা চোৰাংচোৱাৰ দ্বাৰা ম’বাইল ক্ৰয় কৰি হাতেলোটে ধৰা পেলায় দুই চোৰক।ইফালে ম’বাইল চোৰ ধৰাৰ খবৰ পাই আৰক্ষী চকীত হাজিৰ হয় দোকানী । কিয়নো উত্তৰ গুৱাহাটীৰ কেইবাখনো দোকানত অলপতে চুৰি হৈছিল ম’বাইল ফোন আৰু ইলেকট্ৰনিক্স সামগ্ৰী। অৱশ্যে উত্তৰ গুৱাহাটীত (North Guwahati) চাৰি দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ হ’লেও স্বস্তিৰ নিশ্বাস পেলাব পৰা নাই ৰাইজে। কিয়নো পশুধন চুৰি চক্ৰই টোপনি কাঢ়িছে গঞাৰ।













