ASSAM TIMES POST
নগাঁওঃ বেংকত গ্ৰাহকে জমা থোৱা কষ্টোপাৰ্জিত ধন হেকাৰে সুবিধা বুজি লুটি থকাৰ সময়তে নগাঁৱৰ জলসিঞ্চন বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হেকাৰৰ কবলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে । নগাঁৱৰ মাহৰিআটীৰ বকুল শৰ্মা নামৰ জলসিঞ্চন বিভাগৰ কলং-কলিয়াবৰ সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ ষ্টেটবেংকৰ নগাঁও শাখাৰ একাউণ্টৰ পৰা হেকাৰে গ্ৰীণ চেনেল কাউণ্টাৰ(জি চি চি) ৰ জৰিয়তে ৪,৩৯,৯৮৯ টকা লুট কৰি নিয়াৰ এক ঘটনা সংঘটিত হৈছে ।
এই বৃহৎ ধনৰাশি হেকাৰে গ্ৰাহক গৰাকীৰ ১০৯৬৫৫৮৭৫১৯ নম্বৰৰ একাউণ্টটোৰ পৰা যোৱা ৬ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত লুট কৰি নিয়ে । শেহতীয়াকৈ বকুল শৰ্মা নামৰ গ্ৰাহকজনে পাচবুক ‘আপ টু ডেট’ কৰিবলৈ যাওঁতেহে এই কথা পোহৰলৈ আহে । ইতিমধ্যে গ্ৰাহকজনে এই সন্দৰ্ভত নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে বেংকৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিছে ।
উল্লেখ্য , এই সমগ্ৰ ধনৰাশি আন দুগৰাকী লোকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হোৱা বুলি জানিব পৰা গৈছে । জলসিঞ্চন বিভাগত দীৰ্ঘদিন ধৰি মাষ্টাৰৰোল কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৫ চনত চাকৰি নিয়মীয়া হোৱা বকুল শৰ্মা নামৰ এইগৰাকী সদ্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সমুদায় জমা ধন হেকাৰে লুট কৰি নিয়াত এতিয়া পৰিয়ালটোৰ মুৰত সৰগ ভাঙি পৰিছে ।












