![]()
আজি অসম আৰক্ষীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় সন্মানীয় ৰাষ্ট্ৰপতি নিচান। ৰাষ্ট্ৰপতিৰ হৈ এই নিচান প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিতা শ্বাহে। অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উক্ত অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “১৫০ বছৰীয়া ইতিহাসৰ সাক্ষী অসম আৰক্ষীৰ নিষ্ঠা আৰু অদম্য সাহসৰ স্বীকৃতিস্বৰূপে সন্মানীয় ‘ৰাষ্ট্ৰপতিৰ নিচান’ অৰ্জন কৰা বাবে অসম আৰক্ষীক আন্তৰিক অভিনন্দন জনাইছোঁ।
এয়া হৈছে ১৫০ বছৰীয়া ইতিহাসৰ সাক্ষী অসম আৰক্ষীৰ নিষ্ঠা আৰু অদম্য সাহসৰ স্বীকৃতি। অসম আৰক্ষীক এই সন্মান প্ৰদান কৰাৰ বাবে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমে শান্তি আৰু উন্নয়নৰ পথত এক নতুন গতি লাভ কৰিছে।

এই ছেগতে জীৱন সুৰক্ষিত কৰি শান্তি বজাই ৰখাৰ স্বাৰ্থত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া সকলো আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মাতৃভূমিৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰা আমাৰ আৰক্ষী বাহিনীৰ অকুণ্ঠ প্ৰচেষ্টা অবিহনে এই ঐতিহাসিক কৃতিত্ব সম্ভৱ নহ’লহেঁতেন। তেওঁলোকৰ গভীৰ সাহস আৰু কৰ্তব্যনিষ্ঠাই অসম আৰক্ষীক এই সুখ্যাতি অৰ্জন কৰা অসমক দশম ৰাজ্য হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে।

আমাৰ চৰকাৰে অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ দিশত সকলো পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতিগৰাকী আৰক্ষীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্য সবল কৰি ৰখাটো আমাৰ প্ৰাথমিক কৰ্তব্য। ‘জনহিত জনসেৱাৰ্থে’ মূলমন্ত্ৰৰ দ্বাৰা অসম আৰক্ষীয়ে আমাৰ নাগৰিকসকলৰ স্বাৰ্থ ৰক্ষাৰ দিশত মন প্ৰাণ সঁপি দিব বুলি মই দৃঢ় বিশ্বাসী।”













