![]()
আজি দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অসমলৈ অহা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ অধীনস্থ অসমৰ লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱত নৱনিৰ্মিত কাৰ্যালয় ভৱনটো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।
এই অনুষ্ঠানতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে নতুনকৈ সংশোধন কৰা ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত কাৰ্যালয়ৰ ৱেব চাইটটো উন্মোচন কৰাৰ উপৰিও তেখেতে এখন ভাষা ভূচিত্ৰাৱলী (লেংগুৱেজ এটলাচ) আৰু ইয়াৰ ই-বুকো উন্মোচন কৰে।
এচ এচ বিৰ শোণিতপুৰ জিলাৰ শালনীবাৰী আৰু মংগলদৈত নৱনিৰ্মিত ভৱনটোকো আজি অমিত শ্বাহে ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী গৰাকীয়ে এই ভৱন উদ্বোধনৰ জৰিয়তে এক মহৎ কাৰ্য সমাপন হোৱাৰ কথা বাখ্যা কৰে।
অসমৰ দৰে জনগাঁথনিৰ এক সংবেদনশীল ৰাজ্যৰ বাবে লোকপিয়ল ভৱন উদ্বোধন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কয় তেখেতে দেশৰ বাবে উপযুক্ত পৰিকল্পনা, বিভিন্ন শিতানৰ বাজেট ব্যৱস্থাপনা ইত্যাদিৰ দিশত সঠিক লোকপিয়ল একান্ত জৰুৰী বুলি উল্লেখ কৰি আগন্তুক লোকপিয়ল ই-লোকপিয়ল (ডিজিটেল) হোৱাৰ উপৰি ই একেবাৰে নিৰ্ভুল হব বুলিও তেওঁ কয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোক ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ দিন হিচাবে আখ্যা দিয়ে। অসমৰ প্ৰায় ৩ .৫ কোটি জনসাধাৰণে অনাগত দিনত তথ্য আহৰণৰ বাবে এক সু-শৃংখলিত আন্তঃগাঁথনিৰ প্ৰয়োজন বুলি উল্লেখ কৰে।













