ASSAM TIMES POST
গোসাইগাওঁঃ গোসাইগাঁও কচুগাওঁ ভাৰত -ভূটান সীমান্তৱতী ৰিপু বনাঞ্চলৰ পৰা যোৱা নিশা সেনাৰ বিশেষ গোটে গোপন তথ্যৰ ভিত্তিত অভিয়ান চলাই তিনিজন এনডিএফবি(এছ) সদস্য আটক কৰে আৰু লগতে বৃহৎ অস্ত্ৰ-সশস্ত্ৰ জব্দ কৰে।উক্ত সদস্য কেইজন বিষমুৰী আৰক্ষী চকীৰ কথাল মুৰী গাঁৱৰ নিৱাসী জনাব মুছাহাৰীৰ দুই পুত্ৰ মনজিত মুছাহাৰী(৩৮),গোলাপ মুছাহাৰী( ২৭ )আৰু মুখীৰাম মুছাহাৰীৰ পুত্ৰ বিৰছন মুছাহাৰী (১৯) বুলি চিনাক্ত কৰে।












