বৃহস্পতিবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অ’চি দিপেন বৰুৱাৰ নেতৃত্বত উপ পৰিদৰ্শক দিপেন বৰুৱা আৰু উপপৰিদৰ্শক কুলেন্দ্ৰ নাথ আৰু ষ্টাফৰ সহযোগত খাকৰাজানত সন্ধিয়া ৭-৩০ মান বজাত এক তালাচী অভিযান চলায় ৷
উক্ত অভিযানত NL07B0388 এখন যাত্ৰীবাহী বাছত তালাচী চলাই ৩ টা চাবোনৰ বাকচত ৩৭ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ড্ৰাগছখিনি সৰবৰাহৰ লগত জড়িত ডিমাপুৰ ডিফুপাৰ অঞ্চলৰ ২৭ বছৰীয়া ৱাল্লিং পংগিউংকাবা এটা নগা যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷ জব্দ হোৱা সন্দেহযুক্ত হেৰইনখিনি বোকাজানৰ অ’চি মৌব্লিক ব্ৰক্ষ্মক উপস্থিতিত জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷