![]()
তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী অহা ১১ মে’ত আহিব অসমলৈ। গুৱাহাটী মহানগৰীত দল ৰাজ্যিক কাৰ্যালয় মুকলি বেনাৰ্জীয়ে। জয়ানগৰত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় মুকলি হ’ব- এই কথা বুধবাৰে জানিবলৈ দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
উল্লেখ্য যে কাৰ্যালয় মুকলি কৰি বেনাৰ্জীয়ে পাঞ্জাবাৰীস্থ শিল্পগ্রামত এখন দলীয় সভাত অংশগ্ৰহণ কৰিব। বেনাৰ্জী উপস্থিতিত অসমৰ বিভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰৰ প্ৰায় এক হাজাৰ ব্যক্তিয়ে তৃণমূলত যোগদান কৰিব- বৰাই লগতে কয়।













