![]()
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত মন্ত্ৰী সভাৰ কেবিনেট বৈঠকত আজি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত সমূহক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখনি সংবাদ মেল সম্বোধন কৰে।
এই সিদ্ধান্ত সমূহ হৈছে ক্ৰমেঃ

✍️ শুৱালকুছিৰ আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ’বলগীয়া ৪.০৮ কিলোমিটাৰ চাৰিলেন যুক্ত দলঙৰ বাবে ৩১,১৯৭ টকাৰ অনুমোদন
✍️ গুৱাহাটী গেটৱে ঘাটৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন
✍️নগাঁও আৰু কাছাৰ কাগছ কলৰ কৰ্মচাৰী সকলক প্ৰদান কৰিবলগীয়া সাহাৰ্য্য পেকেজৰ ৩০৮.৭৫ কোটি টকাৰ অনুমোদন
✍️চাৰিখন মেডিকেল কলেজ ক্ৰমে বঙাইগাঁও, ধেমাজি, মৰিগাঁও আৰু গোলাঘাট মেডিকেল কলেজৰ বাবে ৫০০ কোটিকৈ মুঠ দুহাজাৰ কোটি টকাৰ প্ৰশাসনিক অনুমোদন।
✍️ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজী লিমিটেডৰ মাজত হোৱা চুক্তি মতে ৩৪খন পলিটিকেনিক আৰু ৪৩খন ITI নিৰ্মাণ কৰা হ’ব ৷ ৮৭% টকা টাটাই দিব ৷ বাকীখিনি ৰাজ্য চৰকাৰে দিব ৷ মুঠ ২,৩৯০ কোটি টকা ধাৰ্য কৰা হৈছে ৷ ২০ হাজাৰ দক্ষতাসম্পন্ন যুৱক-যুৱতী ওলাব আৰু চৰকাৰে সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব ৷
✍️মহাৰাষ্ট্ৰত অসম কম্পপ্লেক্স নিৰ্মাণ কৰা হ’ব ৷ অসমৰ কৃষ্টি-সংস্কৃতি তাত মূৰ্তমান হ’ব ৷ মহাৰাষ্ট্ৰৰ ৰায়নগৰৰ টিৱাৰে গাঁৱত হ’ব।
✍️Assam Inland Water Wage Limited নামৰ প্ৰতিষ্ঠান গঠনৰ সিদ্ধান্ত গ্ৰহণৰ লগতে ইয়াৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।













