
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ঘোষণাৰ পাছতে ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে এক প্ৰকাৰৰ বিদ্ৰোহ! মেয়ৰৰ পদবী লাভ নকৰি বিজেপি ত্যাগ কৰাৰ হুংকাৰ ৩৮নং ৱাৰ্ডৰ বিজেপি সদস্য শশাংকজ্যোতি ডেকাৰ। গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি পৰা ৩৮নং ৱাৰ্ডত জয়ী হৈছিল ডেকা।
পূৱ গুৱাহাটী সমষ্টি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰাজ্যিক বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য্য অতি ঘনিষ্ঠ আছিল ডেকা। জিএমচি মেয়ৰৰ প্ৰৱল দাবীদাৰ আছিল তেওঁ। বিজেপিৰ বেয়া দিনৰ পৰা দলটোৰ সৈতে জড়িত আছিল ডেকা।
ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মৃগেন শৰণীয়াক মেয়ৰ হিচাপে ঘোষণা কৰাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত বিজেপি ত্যাগ কৰিব বুলি ঘোষণা কৰে ডেকাই। অৱশ্যে বর্তমানলৈ পদত্যাগৰ কোনো পত্ৰ ৰাজ্যিক বিজেপিলৈ প্ৰেৰণ কৰা নাই ৱাৰ্ড সদস্যগৰাকীয়ে।

উল্লেখ্য যে যোৱা ২২এপ্ৰিলত অনুষ্ঠিত হৈছিল জিএমচি নিৰ্বাচন। ২৪এপ্ৰিলত ঘোষণা হৈছিল ফলাফল। বিজেপি-অগপ মিত্ৰগোটে ৬০টা ৱাৰ্ডৰ ৫৮টা ৱাৰ্ডত জয়ী হৈছিল ।
আনহাতে মেয়ৰ ঘোষণা পূর্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল বৈঠক। বৈঠকতে চূড়ান্ত কৰা হৈছিল মেয়ৰৰ নাম। উল্লেখ যে মেয়ৰ মৃগেন শৰণীয়া লগতে ডেপুটি মেয়ৰ স্মিতা ৰয়ক ঘোষণা কৰে।













