এমেজন প্ৰাইম ভিডিঅ’ৰ কমেডি ড্ৰামা ৱেব চিৰিজ “পঞ্চায়ত চিজন ২” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে। এই “পঞ্চায়ত” অহা ২০ মে’ত প্ৰচাৰ কৰা হ’ব। ৱেব চিৰিজখনৰ মুক্তিৰ তাৰিখ এমেজন প্ৰাইম ভিডিঅ’ৰ দ্বাৰা ইয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে।
চিৰিজখনৰ মুক্তিৰ তাৰিখ ঘোষণা হোৱাৰ পিছতেই উৎসাহিত হৈ পৰিছে অনুৰাগী সকল। উল্লেখ্য যে, উক্ত চিৰিজখনৰ প্ৰথমটো সংস্কৰণে সচেতন মহলত খলকনিৰ সৃষ্টি কৰিছিল।
“পঞ্চায়ত” ৰ প্ৰথম ছিজন ২০২০ চনত মুক্তি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা মানুহে ইয়াৰ পৰৱৰ্তী ছিজনৰ বাবে অপেক্ষা কৰি আছে। “পঞ্চায়ত” ৱেব শৃংখলাৰ কাহিনীটো এজন অভিযান্ত্ৰিক স্নাতক যুৱক অভিষেক মিশ্ৰাৰ চাৰিওফালে ঘূৰি আছে, যি ফুলেৰা গাঁৱৰ এখন পঞ্চায়ত কাৰ্যালয়ৰ সম্পাদক হিচাপে কাম কৰে আৰু তেওঁ এই চাকৰিটো এৰি দিবলৈ মনস্থ কৰে। এনেদৰেই পৰ্যায়ক্ৰমে কাহিনীভাগ আৰম্ভণি হৈছিল।