বলীউডৰ ডিস্কো নৃত্যশিল্পী মিথুন চক্ৰৱৰ্তীক কিডনীত হোৱা পাথৰৰ বাবে বেংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৃক্কৰ পাথৰৰ সফল অস্ত্ৰোপচাৰৰ পিছত, তেওঁক এতিয়া চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।
মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মিমোহ চক্ৰৱৰ্তীয়েও নিশ্চিত কৰিছে যে, তেওঁৰ পিতৃৰ বৃক্কৰ পাথৰ আঁতৰ কৰা হৈছে আৰু এতিয়া তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁৰ স্বাস্থ্য ভালেই আছে।
কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, মিথুন চক্ৰৱৰ্তীক অলপতে বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ত দেখা গৈছিল। অভিনেতাগৰাকীক সোনকালেই এখন বাংলা চলচ্চিত্ৰত দেখা যাব। আনহাতে, মিথুন চক্ৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।