![]()
যুদ্ধবিৰতি ঘোষণাৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা)শান্তি আলোচনালৈ সদিচ্ছা প্ৰকাশ কৰাৰ সময়তে সশস্ত্ৰ সংগঠনটো শিবিৰত ধৰা পৰিছে আৰক্ষী-সেনাৰ চোৰাংচোৱা তথা গুপ্তচৰ। শেহতীয়াভাৱে আলফা(স্বা) একাংশ যুৱক-যুৱতী যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰাৰ সময়তে বাইহাটাৰ সঞ্জীৱ শৰ্মা নামৰ এগৰাকী আৰক্ষীৰ গুপ্তচৰ আলফা(স্বা) হাতত বন্দী হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিস্ফোৰকভাৱে গুপ্তচৰ যুৱকজনে আৰক্ষী আৰু সেনাই আলফাত যোগদান কৰোৱা বুলি মন্তব্য কৰিছে। তদুপৰি আৰক্ষী-অসম ৰাইফলছে আলফা(স্বা) শিবিৰ ধ্বংসৰ লগতে নয়ন অসমক হত্যাৰ নিৰ্দেশ দিয়া বুলিও প্ৰকাশ কৰিছে। মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ লগতে কেইবাগৰাকী আৰক্ষী বিষয়া, সেনা বিষয়াৰ নাম লৈছে যুৱকজনে।
ইফালে সমগ্ৰ ঘটনাক লৈ গৃহ বিভাগত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈ থকা সময়তো এই সন্দৰ্ভত মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানে মন্তব্য দিয়াৰ পৰা বিৰত আছে। তাৰ মাজতে এই বিষয়ত শনিবাৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে সংবাদ মাধ্যমৰ আগত কয়- কথাবোৰ একপক্ষীয়ভাবে চলি আছে। পৰ্যালোচনা নোহোৱাকৈ কিছু কথা কোৱা টান। চোৰাংচোৱা ব্যৰ্থ নাই হোৱা, যাৰ বাবে আমি খবৰবোৰ পাই আছোঁ।

আনহাতে আলফাত যোগদান কৰা সম্পৰ্কে তেওঁ কয় যে ২০১৭-১৯বৰ্ষত প্ৰায় ৮০জনে আলফাত যোগদান কৰিছিল আৰু প্ৰায় ৪৯জন আলফা পৰা ঘূৰি আহিছিল। কৰোনাৰ বাবে মাজতে আলফালৈ যোৱাটো হ্ৰাস হৈছিল যদিও শেহতীয়াভাৱে পুনৰ বৃদ্ধি পাইছে- নাথে লগতে কয়।
ইফালে পূৰ্বতে আলফাত যোগদান কৰা বহুতো খবৰ আমি গম পোৱা নাছিলোঁ। কিন্তু এতিয়া পৰিয়ালবোৰ সচেতন হৈছে, যাৰ বাবে গম পাওঁ। অসমত বর্তমান আলফা আৰু কেএলঅ’ সক্ৰিয়েভাবে কাম কৰি আছে আৰক্ষী বিষয়াগৰাকীয়ে কয়।













