![]()
মহিলা আৰক্ষীকর্মীৰ শ্লীলতাহানিৰ চেষ্টাৰ অভিযোগৰ গোচৰত অৱশেষত জামিন লাভ কৰিলে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগ্নেশ মেৱানীয়ে। তাৰ লগতে বৰপেটা আদালতৰ ৰায়ত মুখ ক’লা হ’ল হিমন্তবিশ্ব চৰকাৰ তথা অসম আৰক্ষীৰ।
জিগ্নেশৰ বিৰুদ্ধে অনা গোচৰক ‘মনে সজা’ বুলি মন্তব্য কৰি, আৰক্ষীৰ জিম্মাত এজনৰ পিছত আনজন বন্দী গুলীবিদ্ধ হোৱাৰ প্রসঙ্গ টানি আনি আদালতে স্পষ্টভাৱে জনায়, এনেদৰে চলি থাকিলে অসম ‘পুলিচ-ৰাষ্ট্র’ হৈ যাব।
ন্যায়াধীশৰ মন্তব্য, ‘‘আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত থকা অভিযুক্তক হেঁচা প্ৰয়োগ কৰি স্বীকাৰ কৰায়, সেয়া জনা আছে। কিন্তু এনে গোচৰ প্রথম দেখিছো য’ত অভিযুক্তৰ বিৰুদ্ধে এনে অপৰাধৰ বিচাৰ চলিছে— যিটো তেওঁ আৰক্ষীৰ জিম্মাত থাকিয়েই কৰিছে অথচ অন্য কোনোৱে সেয়া দেখা পোৱা নাই!’’
জামিন লাভৰ পিছত ‘ঝুঁকেগা নেহি’ বুলি জিগ্নেশে কয়, “মহিলা আৰক্ষীৰ শ্লীলতাহানিৰ যি অভিযোগ মোৰ বিৰুদ্ধে অনা হৈছিল, সেয়া চৰকাৰৰ কাপুৰুষতাৰ পৰিচয়। বুজিব পাৰিছো, বেচেৰী এছআইজনীক কিমান হেঁচা প্ৰয়োগ কৰা হৈছে।”
তেওঁ লগতে কয়, “এই বিজেপি চৰকাৰে জনতাৰ হাজাৰ হাজাৰ কোটি চুৰি কৰা মেহুল চক্সী, নীৰৱ মোদী, বিজয় মালিয়াক নধৰে। কিন্তু মোৰ এটা টুইটক লৈয়ে তেওঁলোকে গোচৰ দিবলৈ ব্যস্ত। টুইটত প্রধানমন্ত্রীক শান্তিৰ বার্তা দিবলৈ কৈছিলো। তাৰ পৰা গোচৰ হ’বই নোৱাৰে। সমগ্ৰ দেশে বুজিব পাৰিছে, জিগ্নেশ নহয়, সংবিধানক আক্রমণ কৰিছে বিজেপিয়ে। ১ মে’ত জে’ল ভৰো আন্দোলন হ’ব গুজৰাটত।”
উল্লেখ্য, ন্যায়াধীশ এ চক্রৱর্তীয়ে ১০০০ টকাৰ ব্যক্তিগত বণ্ডত জিগ্নেশক জামিন দিয়াৰ লগতে ১৩ পৃষ্ঠাৰ ৰায়ত শ্লীলতাহানিৰ চেষ্টাৰ অভিযোগক স্পষ্ট ভাষাত ভুৱা বুলি উল্লেখ কৰে। আদালতত শ্লীলতাহানিৰ চেষ্টাৰ কোনো উপযুক্ত প্রমাণ দিব নোৱাৰিলে আৰক্ষীয়ে। এফআইআৰৰ বক্তব্যৰ সৈতে অভিযোগকাৰীৰ বক্তব্যও মিলা নাই।













