![]()
গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তাৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ এজন ছাত্ৰৰ। মহাবিদ্যালয়ৰ শ্রেণীৰ কোঠাত প্ৰৱক্তা হেমন্ত কুমাৰ ডেকাই বেয়াকৈ প্ৰহাৰ কৰাৰ গুৰুত্ব অভিযোগত দাখিল কৰিছে এজাহাৰত। উল্লেখ্য প্ৰৱক্তাগৰাকীৰ প্ৰহাৰত মহাবিদ্যালয়ৰ ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰ শুভ্ৰম ক’ৰে কাণত বেয়াকৈ আঘাত প্ৰাপ্ত হয়। বৰ্তমান শ্ৰৱণ শক্তি হেৰুৱাৰ বুলি এজাহাৰখনত অৱগত কৰিছে ছাত্ৰজনে।
আনহাতে কমাৰ্চ কলেজৰ প্ৰৱক্তা হেমন্ত কুমাৰ ডেকা সমগ্র ঘটনাৰ প্ৰসংগত কয় ষষ্ঠ চেমিষ্টাৰৰ ক্লাচ চলি আছিল। তেনে সময়ত ক্লাছৰ শেষৰফালে বহি শুভমে কিছু অমনোযোগেৰে খেলি মেলিৰ সৃষ্টি কৰিছিল। মই শুদ্ধভাৱে তেওঁক সুধিছিলো ক্লাছত এনেদৰে থাকিব নাপাই কিন্তু মোক খুব বেয়াকলি উভতি ধৰিছিল।
“বেয়াকৈ উভটি ধৰাত ছাত্ৰজনক পিঠিতহে মই ঢকা মাৰিছিলো কিন্তু কাণত কোনো ধৰণৰ প্ৰহাৰ কৰা নাছিলো। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবেই কষ্ট কৰো। এনেধৰণৰ সৰু কথাত আৰক্ষী কাষ চাপিলে কষ্ট পাও”- প্ৰৱক্তাগৰাকীয়ে কয়।
ইফালে, সমগ্র ঘটনা আৰক্ষীক এজাহাৰ দাখিল কৰা পাছতো প্ৰৱক্তা ডেকা বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ছাত্ৰজনৰ। আঘাটপ্ৰাপ্ত ছাত্ৰগৰাকীয়ে অৱগত কৰা মতে ২৭এপ্ৰিলত সংঘটিত হৈছিল ঘটনাটো।
আনহাতে কিছুদিন পূৰ্বে মহাবিদ্যালয় হোষ্টেলৰ ছুপাৰ যুগল কিশোৰ বৰ্মনৰ বিৰুদ্ধেও হোষ্টেলৰ আৱাসীয়ে এজাহাৰ দাখিল কৰিছিল।
ইফালে সমগ্র ঘটনাৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ প্ৰৱক্তা হোমেশ্বৰ কলিতাই কয়- মহাবিদ্যালয়ৰ দুগৰাকী প্ৰবক্তা বিৰুদ্ধে গোচৰ তৰিছে ছাত্ৰই। ভিতৰত যিকোনো ঘটনাৰ সংঘটিত হলে অধ্যক্ষক জনাব লাগে কিন্তু তাকে নকৰি তেওঁলোকে আৰক্ষী কাষ চাপিছে।
আনহাতে প্ৰবক্তা প্ৰহাৰত ছাত্ৰ শ্ৰৱণ শক্তি হেৰুৱা ঘটনা দুভাগ্যজনক আখ্যা। প্ৰৱক্তা ডেকাই হয়তো জানি বুজি ভুল কৰা নাই, এইয়া এক দুর্ঘটনা। থানাত গোচৰ দিয়াটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। শিক্ষক-ছাত্ৰৰ সম্পৰ্ক মধুৰ হোৱাটো বিচাৰো। এনেকুৱা কৰিলে শিক্ষকৰ মনোবল কমি যায়-অধ্যক্ষজনে কয়।












