![]()
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ পৰা ৭মহীয়া শিশু সন্ধানহীন হোৱা ঘটনাৰে নাম সাঙোৰ খোৱা নাৰ্ছ বিভাৰাণী ঠাকুৰীয়া গুৱাহাটীত উপস্থিত।চেন্নাইৰ পৰা বাহিৰে বাহিৰে আহি ক্ৰাইম ব্ৰান্সত হাজিৰ শুৱালকুচি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এ.এন.এম হিচাপে কৰ্মৰত নাৰ্ছ গৰাকী যোৱা ২১এপ্ৰিলৰ পৰা ২৫এপ্ৰিললৈ ছুটি লৈ পুনৰ কামত যোগদান নকৰাত সমগ্র ঘটনাৰে নাম সাঙুৰ খাই পৰিছিল ঠাকুৰীয়া।

ইফালে গুৱাহাটীত উপস্থিত হৈ তেওঁ কয়-মই নিজেই জনা নাই আচলতে কি হৈছে।দুই-তিনিটা বছৰ জিএম চি এইচলৈ যোৱা নাই।কি শিশু হেৰাইছে একো জনাও নাই।পাঁচদিন চুটি লৈছিলো, হঠাৎ যাব লগা হল চেন্নাইলৈ।মোৰ নামটো কোনে আনিছে সেইয়া তদন্ত হব লাগে।
চেন্নাইলৈ মোৰ ভাইটি কিডনী চিকিৎসা বাবে গৈছিলো।এ’পল হাস্পতালৰ জৰুৰীকালীন বিভাগত আছিলোঁ।সেই সময়ত চিকিৎসা কৰি থকা দেখাই দিছোঁ- নাৰ্ছ গৰাকীয়ে কয়।
তাপৰ্যপূৰ্ণ কথা জিএমচিএইচত চিকিৎসাধীন হৈ থকা এটি ৭মহীয়া শিশু ৰঙালী বিহু পূৰ্বে এগৰাকী মহিলাই লৈ উদ্ধাও হৈছিল।মহিলা গৰাকী সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বর্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মহিলা গৰাকীক।ইফালে নিৰুদ্দেশ হৈ থকা শিশুটিও বৰ্তমান সময়লৈকে উদ্ধাৰ কৰিব সক্ষম হোৱা নাই আৰক্ষী।













