![]()
দেৱীৰ মূর্তি লৈ শোভাযাত্রাত ওলোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল ১১ জনৰ। নিহতসকলৰ ভিতৰত আছে দুগৰাকী শিশুও। আহত হৈছে আন বহু কেইজন। বুধবাৰে পুৱা তামিলনাডুৰ থাঞ্জাভুৰ এলেকাত ঘটনাটি ঘটে।
প্রতি বছৰেই এই সময়ত উক্ত শোভাযাত্রা অনুষ্ঠিত হয়। আৰক্ষী সূত্র মতে, পুৱতি নিশা গাঁৱৰ আপ্পাৰ মন্দিৰৰ ওচৰৰ গলিৰ সন্মুখত ভাঁজ ঘূৰাৰ সময়ত এডাল হাইটেনচন বৈদ্যুতিক তাঁৰৰ সৈতে ঘঁহনি খায় শোভাযাত্রাৰ ৰথখনৰ। মুহূর্ততে সম্পূৰ্ণ ৰথখনত বিদ্যুৎ সৰবৰাহিত হৈ পৰে।
ৰথৰ ভিতৰত আছিল কিছু ভক্ত। শিশুসহ মুঠ ১১ জনৰ মৃত্যু হয় উক্ত ঘটনাত। আহতৰ সংখ্যা ১৫। দুর্ঘটনাটোত ৰথখনো সম্পূর্ণভাবে ক্ষতিগ্রস্ত হয়।
আৰক্ষীয়ে লগতে জনায়, আহতসকলক থাঞ্জাভুৰ মেডিকেল কলেজলৈ লৈ যোৱা হৈছে।












