গুৱাহাটী পৌৰ নিগম দখল কৰিলে বিজেপি আৰু অগপ মিত্ৰজোঁটে। পৌৰ নিগম দখলৰ বাবে প্ৰয়োজনীয় ৩১ মেজিক সংখ্যা হেলাৰঙে অতিক্ৰম কৰে বিজেপি আৰু অগপ মিত্ৰজোঁটে। আজি ঘোষণা হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল।
মুঠ ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। আনহাতে, ৩টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল।
উল্লেখ্য, প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হৈছিল।
মুঠ ৬০টা ৱাৰ্ডৰ ঘোষিত ফলাফল অনুযায়ী বিজেপি-অগপ মিত্ৰজোঁটে ৫৮টা, অসম জাতীয় পৰিষদে এটা আৰু আম আদমী পাৰ্টিয়ে এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে, গুৱাহাটী পৌৰ নিগমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল কংগ্ৰেছে। তাৰ বিপৰীতে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে এক নতুন ৰাজনীতিৰ দিশ মুকলি কৰিলে।
আনহাতে, ৫২টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৬টা ৱাৰ্ডত অগপ প্ৰাৰ্থী বিজয়ী হয়। ইয়াৰ বিপৰীতে ১ নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হুকুম চান্দ আলী আৰু ৪২ নং ৱাৰ্ডত আপৰ মাছুমা বেগমে জয়লাভ কৰে।