
ৰাজস্থানৰ (Rajasthan) সীমান্তৱৰ্তী জিলা শ্ৰীগংগানগৰত (District Shriganganagar) এক বিশাল ধূলিৰ ডাৱৰে আৱৰি ধৰে। মাত্ৰ আধা ঘণ্টাৰ ধুমুহাত চহৰখনৰ এটা বিশাল অঞ্চল ধ্বংস হৈ পৰে। এনে দৃশ্য হলিউডৰ এখন ধুমুহা চিনেমাত দেখা যায়। কিন্তু বাস্তৱত দেখা গ’ল ৰাজস্থানত। শ্ৰীগংগানগৰৰ কাষ চাপি আহিছিল এক বিশাল ধূলিৰ ধুমুহা। কিছু মুহূৰ্তৰ ভিতৰতে চহৰখনৰ এক বৃহৎ অংশ সেই ধূলিৰ ধুমুহাই (sand storm) আৱৰি ধৰে। জানিব পৰা মতে, শনিবাৰে এই ধূলিৰ ধুমুহাৰ বাবেই দৃশ্যমানতা হঠাতে শূন্যলৈ নামি আহে। পথৰ যাতায়াত স্তব্ধ হৈ পৰে। শ্ৰীগংগানগৰৰ ওপৰেৰে ঘণ্টাত ৭০ কিলোমিটাৰ বেগেৰে ধুমুহা বলে। বিগত কেইদিনমানৰ পৰা ৰাজস্থানৰ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ ওপৰত আছে। আনকি শুকুৰবাৰে ৪৫ ডিগ্ৰী অতিক্ৰম কৰে। বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে উত্তৰ-পশ্চিম ভাৰতত পশ্চিমৰ ধুমুহা সক্ৰিয় হৈ আছে। ফলত আগন্তুক কেইদিনমানত বজ্ৰপাত হ’ব পাৰে। উষ্ণতাও কমি যাব পাৰে। ইয়াৰ পিছত শনিবাৰে শ্ৰীগংগানগৰকে ধৰি কেইবাখনো জিলাত প্ৰবল ধুমুহাই আঘাত হানে।

কেৱল শ্ৰীগংগানগৰেই নহয়, চুৰু, হনুনগড়, বিকানেৰ আৰু ছিকাৰত ধূলিৰ ধুমুহাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিনৰ পোহৰতে আন্ধাৰ নামি আহিছে। পশ্চিমীয়া ধুমুহাৰ বাবে ৰাজস্থানৰ বিভিন্ন জিলাত আগন্তুক কেইদিনমান ধূলিৰ ধুমুহা অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বিগত ২৪ ঘণ্টাত ধুমুহা আৰু বৰষুণৰ সাক্ষী হৈ পৰিছে। জয়পুৰ, আজমীৰ, ভাৰতপুৰ, কোটা, যোধপুৰ আৰু উদয়পুৰত ঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগেৰে ধুমুহাৰ সৃষ্টি হয়। বতৰ বিজ্ঞান বিভাগে একাংশ অঞ্চলত শিলাবৃষ্টিৰো সতৰ্কবাণী জাৰি কৰিছে।










