ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

News Desk by News Desk
May 30, 2026
Reading Time: 1 min read
A A
0
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

নিৰ্বাচনৰ পিছত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বলি হোৱা লোকসকলক লগ কৰিবলৈ গৈ নিজেই আক্ৰান্ত হয় তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) সৰ্বভাৰতীয় সাধাৰণ সম্পাদক (General Secretary) অভিষেক বেনাৰ্জী (Abhishek Banerjee)। শনিবাৰে তেওঁ দুচকীয়া বাহনত সোণাৰপুৰলৈ যায়। কিন্তু তেওঁ নিহত তৃণমূল কৰ্মীৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকলে তেওঁৰ ওপৰত আক্ৰমণ কৰে। অভিষেকৰ মূৰ, ডিঙি আৰু পিঠিত নিৰ্বিচাৰে চৰ-ঘোচা মাৰে। বাইকখনো ভাঙি পেলোৱা হয়। অভিষেকৰ পিন্ধা শ্বাৰ্টটো ফাটি যায়, চছমাও ভাঙি যায়। ইয়াৰ মাজতে ক্ৰিকেট খেলা হেলমেট পৰিধান কৰি তৃণমূলৰ সাংসদগৰাকীয়ে সোণাৰপুৰৰ নিহত তৃণমূল কৰ্মী সঞ্জু কৰ্মকাৰৰ ঘৰৰ ফালে খোজকাঢ়ি আগবাঢ়ি যায়।

সেই সময়ত তেওঁৰ ওপৰত কণী, জোতাও নিক্ষেপ কৰা হয়। পিন্ধি থকা বগা শ্বাৰ্টটোৰ অৱস্থা তথৈবচ হৈ পৰে। কিন্তু সেই অৱস্থাতো তেওঁ খোজকাঢ়ি গৈ থাকে। ইয়াৰ মাজতে ‘চোৰ, চোৰ’ বুলি সকলোৱে শ্লোগান দিয়ে। অভিষেক বেনাৰ্জী সোণাৰপুৰলৈ যোৱাৰ পূৰ্বেই ক’ৰবাত ক’ৰবাত মহিলাসকলক হাতত কণী লৈ থিয় হৈ থকা দেখা গৈছিল। ক’ৰবাত আকৌ বিজেপিৰ সমৰ্থকে হাতত ক’লা পতাকা লৈ ‘গ’ বেক’ শ্ল’গান দি চিঞৰে। এই প্ৰতিবাদৰ মাজতে ডায়মণ্ড হাৰ্বাৰৰ সাংসদ অভিষেক বেনাৰ্জীয়ে চাৰিচকীয়া বাহন চলোৱাৰ পৰিৱৰ্তে মূল পথৰ পৰা নামি দলীয় কৰ্মীৰ বাইকত বহে। মুঠ তিনিখন বাইক গৈ আছিল। মাজৰ বাইকখনৰ পিছৰ আসনত বহি আছিল তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকগৰাকী।

aaa | ASSAM TIMES POST
ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

পিছফালৰ আসনত আন এজন মানুহ বহি আছিল। তেতিয়াই তেওঁ প্ৰতিবাদৰ সন্মুখীন হয়। দুজনমানে বাইকখনক খেদিবলৈ ধৰে। ইয়াৰ পিছতে আৰম্ভ হয় শাৰীৰিক হাৰাশাস্তি। তেনেকৈয়ে অভিষেক উপস্থিত হয় নিহত তৃণমূল কৰ্মীগৰাকীৰ ঘৰত। তাতে তৃণমূল নেতাজনক বিধ্বস্ত অৱস্থাত দেখা যায়। নিহত কৰ্মীজনৰ ছবিৰ সন্মুখত থিয় হৈ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু বিজেপি চৰকাৰক তেওঁ লক্ষ্য কৰি লয়। অভিষেকে কয়, “মই হেলমেট পিন্ধি থকাৰ বাবেই মোৰ মূৰটো ৰক্ষা পৰিল। মোৰ চছমা ভাঙি গ’ল। কিন্তু মই হয়তো কেনেবাকী তাৰ পৰা ওলাই আহিলোঁ। তাৰ পিছত তেওঁলোকে সঞ্জু কৰ্মকাৰৰ বৃদ্ধ পিতৃ-মাতৃক আক্ৰমণ কৰিব।” তেওঁ লগতে কয়, “তেওঁলোকে মোক হত্যা কৰিব বিচাৰিছে! মোক মাৰি পেলাওক! মই ইয়াৰ পৰা নাযাওঁ। মই সঞ্জুৰ বৃদ্ধ পিতৃ-মাতৃক এৰি নাযাওঁ। মই উচ্চ ন্যায়ালয় আৰু ৰাজ্যপালৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে মৃত তৃণমূল কৰ্মীজনৰ ঘৰৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে। ইয়াত কোনো আৰক্ষী নাই। মই এছ পি আৰু আই চিক জনোৱাৰ বাবে কৈছোঁ। এতিয়াও কোনো বাহিনী অহা নাই।”

অভিষেকে দাবী কৰে যে তেওঁৰ কাৰ্যসূচী জিলা আৰক্ষী আৰু প্ৰশাসনক আগতীয়াকৈ অৱগত কৰা হৈছিল। তাৰ পাছতো কাকো দেখা পোৱা নগ’ল। তেওঁ অভিযোগ কৰে যে তেওঁক কাৰ্যতঃ প্ৰতিবাদৰ মুখলৈ ঠেলি দিয়া হৈছে। তেওঁ ডাবল ইঞ্জিন চৰকাৰক লক্ষ্য কৰি লয়। শুভেন্দুক লক্ষ্য কৰি অভিষেকে কয়, “তৃণমূলক চোৰ বুলি কোৱাসকলে কোনো মুখ্যমন্ত্ৰীয়ে হাত মেলি কেমেৰাৰ সন্মুখত টকা লোৱা দেখিছেনে? বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুই কাণ কাটি নিলাজ মানুহৰ দৰে টকা লোৱা দেখা গৈছে। তেওঁ ঘোচ লৈছে।”

Tags: AbhishekBanerjee
Share4Tweet3Send

Related Posts

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

by News Desk
May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

by News Desk
May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

by News Desk
May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা
National-International

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

by News Desk
May 30, 2026
50
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

by News Desk
May 30, 2026
50
ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx