নগাঁৱৰ জুৰিয়া কদমনি গাঁৱত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। যোৱা শুক্ৰবাৰে নগাঁও আৰক্ষীৰ সক্ৰিয় অভিযানত ৬-৭ কোটি টকা মূল্যৰ ৭৫০ গ্ৰাম হিৰ’ইন সহ আটক হৈছিল ময়জুল ইছলাম নামে এক ড্ৰাগছ সৰবৰাহকাৰী।
আৰক্ষীয়ে ডিমাপুৰৰ পৰা আহি অৱস্থাত আৰক্ষীয়ে ময়জুলক জুৰিয়া কদমনি পথাৰৰ বাসগৃহলৈ লৈ যায় আৰু তাৰ পৰৱৰ্তী সময়ত, আন্ধাৰৰ সুযোগ লৈ ময়জুলে দাৰে আৰক্ষীক আক্ৰমণ কৰে আৰু আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে সৰবৰাহকাৰীৰ ভৰিত গুলি মাৰে।
ততাতৈয়াকৈ ময়জুলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷