বলীউডৰ অভিনেত্ৰী মালাইকা আৰোৰা, যি তেওঁৰ সাহসিকতা আৰু স্পষ্টবাদী শৈলীৰ বাবে জনাজাত, প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। বিশেষকৈ, ১২ বছৰ সৰু অৰ্জুন কাপুৰৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বাবে অভিনেত্ৰী গৰাকী সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।
শেহতীয়া এক সাক্ষাৎকাৰত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ ওপৰত মানুহৰ দৃষ্টিভংগীৰ বিষয়ে কৈছিল। মালাইকাই কৈছিল যে, “আমাৰ সমাজত এগৰাকী মহিলাই তেওঁতকৈ কম বয়সৰ পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাটো পাপ বুলি গণ্য কৰা হয়।”
মালাইকা আৰু অৰ্জুনে ইজনে সিজনক ভালপোৱা বহুদিন হ’ল। বহু লোকে প্ৰায়ে তেওঁলোক দুয়োৰে মাজৰ সম্পৰ্কক ট্ৰোল কৰে, কিন্তু মালাইকা আৰু অৰ্জুনে এই সকলোবোৰে তেওঁলোকৰ সম্পৰ্কক প্ৰভাৱিত কৰাৰ সুযোগ নিদিয়ে।
এখন আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, মালাইকাই তাইতকৈ সৰু বয়সৰ পাৰ্টনাৰ থাকিলে হোৱা ট্ৰোলিঙক এক বিদ্বেষমূলক চিন্তা বুলি অভিহিত কৰিছিল আৰু একে সময়তে, তেওঁ বিবাহ বিচ্ছেদ বা বিচ্ছেদৰ পিছত মহিলাসকলৰ বাবে আগন্তুক জীৱনৰ কিছুমান বিশেষ বিষয়ৰ বিষয়েও কথা পাতিছিল।
মালাইকাই কৈছিল, “বিবাহ বিচ্ছেদ বা বিচ্ছেদৰ পিছত মহিলাসকলৰ বাবে ভাল জীৱন অতি গুৰুত্বপূৰ্ণ… আমাৰ সমাজত, মহিলাৰ সম্পৰ্কৰ বিষয়ে কোনো ভাল চিন্তা নাই। আপোনাতকৈ কম বয়সৰ এজন পুৰুষৰ সৈতে ডেটিং কৰাটো পাপ বুলি গণ্য কৰা হয়।”
নিজৰ বিষয়ে কথা পাতি অভিনেত্ৰীগৰাকীয়ে কয়, “মই এগৰাকী শক্তিশালী মহিলা হিচাবে আগবাঢ়ি যাওঁ। মই শক্তিশালী, সুস্থ আৰু সুখী অনুভৱ কৰিবলৈ দৈনিক নিজৰ ওপৰত কাম কৰোঁ।”
মালাইকাই নিজকে তেওঁৰ মাকৰ সৈতে তুলনা কৰি কয় যে, “মই মোৰ মাৰ দৰে, মোৰ শক্তি তেওঁৰ সমান। তেওঁ মোক সদায় মোৰ নিজৰ চৰ্তাৱলীত জীৱন যাপন কৰিবলৈ আৰু আত্মনিৰ্ভৰশীল হ’বলৈ শিকাই আহিছে।”