![]()
গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত ভোটদান সাব্যস্ত কৰিলে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।দক্ষিণ শৰণীয়া ভোটকেন্দ্ৰত ভোটাধিকাৰ।সাব্যস্ত কৰে ভট্টাচাৰ্যই।আমাৰ বহুত আশা আছে।বিশুদ্ধ খোৱা পানী ২৪ঘণ্টা লাগে।ৰাস্তা ঘাট, নলা-নৰ্দমা আৰু সেউজীয়া গুৱাহাটী এখন লাগে।
গুৱাহাটীখন চাফা হোৱা লগতে যান-যঁতৰ সমস্যা নোহোৱা হব লাগে।মুঠৰ ওপৰত সর্বাংগ সুন্দৰ গুৱাহাটীখন লাগে-ভোটদান কৰি ভট্টাচাৰ্য্যই এইদৰে কয়।মনত বেজাৰ-বেদনা আছে।
প্ৰায়বোৰ ৰাজনৈতিক নেতা, আমোলা-বিষয়াই গুৱাহাটীত এডোখৰ ধুনীয়া মাটি-ঘৰ বিচাৰে কিন্তু কোনেও গুৱাহাটীখনক নিজৰ ঘৰ বুলি সর্বাংগ সুন্দৰকৈ সজাই তুলিব নিবিচাৰে তেওঁ লগতে কয়।
ইফালে গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা অপৰাধ ঘটনা প্ৰসংগত ভট্টাচাৰ্য্য কয়- মহানগৰবাসীক নিৰাপত্তা দিব লাগে।
মহানগৰবাসী নিৰাপত্তাত এতিয়া প্ৰশ্নবোধক চিন আহিছে।দিনে-নিশাই নিৰাপদে চলা-ফুৰা কৰিব পাৰিব লাগে।শংকা মুক্ত এখন মহানগৰ লাগে।













