![]()
৮০ বছৰ বয়স হ’বৰ হ’ল তাতে কি হ’ল, মনৰ বয়স যেন এতিয়াও ত্ৰিশ। নিজকে বৃদ্ধ বুলিবলৈ যেনেদৰে ঘোৰ আপত্তি তেওঁৰ, সেইটো প্রমাণ কৰিবলৈও মাজে-সময়ে উঠি-পৰি লাগে। তেওঁ আন কোনো নহয়, বলিউডৰ ছাহেনছাহ অমিতাভ বচ্চন। সম্প্রতি এক দুর্দান্ত ষ্টাণ্টৰ ছবি শ্বেয়াৰ কৰি খলকনি তুলিছে বিগ বিয়ে।
যুৱ প্রজন্মৰ দৰেই ছচিয়েল মিডিয়াত অতি সক্ৰিয় অমিতাভ। বৃহস্পতিবাৰে পুৱাতেই বলিউডৰ ‘ষ্টাণ্ট মাষ্টাৰ’ টাইগাৰ শ্রফৰ উদ্দেশ্যে এটি বিশেষ পোষ্ট কৰিছে। উক্ত পোষ্টটোত নিজৰ শাৰীৰিক ব্যায়াম কৰাৰ কেইটামান মুহূর্ত শ্বেয়াৰ কৰিছে অভিনেতাজনে। তেওঁৰ ঠিক ওচৰতেই অভিনেতা বোমান ইৰানি।
শূন্যত গোৰ মৰাৰ কেইটামান মুহূর্তৰ কলাজ পোষ্ট কৰি বিগ বিয়ে লিখিছে, ‘শূন্যতে গোৰ মাৰিব আমিও পাৰো। এনে ষ্টাণ্ট দেখুৱাই সকলো লাইক টাইগাৰ শ্রফে লৈ যাব, সেয়াতো নহয়! ভাবিলো ময়ো যদি কেইটামান লাইক যোগাৰ কৰিব পাৰো!’ পোষ্টটি নিমেষতে ভাইৰেল হৈছে। শিল্পা শেট্টি, শ্বেতা নন্দা, ভিকি কৌশলৰ পিতৃ শ্যাম কৌশল সকলোৱেই মুগ্ধ হৈছে।
আনহাতে, অমিতাভৰ পোষ্টটি ইনষ্টাগ্রামত শ্বেয়াৰ কৰিছে টাইগাৰেও। কেপছনত টাইগাৰে লিখিছে, ‘ছাৰ, যদি আৰু কেইবছৰমান পিছত মই আপোনাৰ দৰে এনে ‘কিক’ মাৰিব পাৰো, তেনেহ’লে সেইটোকে আশীর্বাদ বুলি ভাবিম।’













