গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টি কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ।অসম আৰক্ষীৰ এটা দলে বুধবাৰে নিশা প্ৰায় ১১:৩০বজাত পালনপুৰ আৱৰ্ত ভৱনৰ পৰাৰ গ্ৰেপ্তাৰ কৰে কংগ্রেছী বিধায়কজনক।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইটাৰত মন্তৱ্য কৰা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেতা গৰাকীক।কোকৰাঝাৰ এগৰাকীয়ে লোকে দাখিল কৰা এজাহাৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীৰ এটা দলে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে।
ইফালে পালানপুৰৰ পৰা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ ৰাওনা হয়।তাৰ পৰা ইতিমধ্যে গুৱাহাটীলৈ আনি থকা বুলিও এক সূত্ৰই কয়।
ADVERTISEMENT
তাপৰ্যপূৰ্ণ কথা গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত শক্তিশালী কংগ্ৰেছী নেতা গৰাকীক গ্ৰেপ্তাৰে ৰাজ্যখনৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।
জিগনেশ মেৱানীয়ে গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদ মাধ্যমক কয়-এটা টুইটৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে।আৰক্ষীয়ে মোক কোনো সঠিক তথ্য দিয়া নাই।মই কোনো মিছা অভিযোগক ভয় নকৰো। মই মোৰ যুঁজ অব্যাহত ৰাখিম।”
ADVERTISEMENT