বলীউডৰ তাৰকা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ পিছত কেইবাখনো ফটো তীব্ৰগতিত ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইণ্টাৰনেটত এখন ফটোৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে যে অভিনেতা ৰণবীৰ কাপুৰে আলিয়াৰ সৈতে থকা ঘনিষ্ঠ বান্ধৱী কেইগৰাকীক ১২ লাখ টকা পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছে।
জানিব পৰা মতে, আলিয়া ভাটৰ ঘনিষ্ঠ বান্ধৱী তানিয়া সাহা গুপ্তাই তেওঁৰ ইনষ্টাগ্ৰামত ৰণবীৰ-আলিয়াৰ বিয়াৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল। এই ফটোসমূহত ৰণবীৰক আলিয়াৰ বান্ধৱীসকলে আৱৰি থকা দেখা যায়। আনহাতে, এখন ফটোত ৰণৱীৰৰ হাতত এখন কাগজ আছে য’ত লিখা আছিল, ‘মই ৰণবীৰ…’ আলিয়াৰ স্বামী, মই সকলো কইনাৰ বান্ধৱী সকলক ১২ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ।”
প্ৰায় পাঁচ বছৰ প্ৰেমৰ সম্পৰ্ক ৰখাৰ পিছত, আলিয়া আৰু ৰণবীৰে ১৪ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হয়। অনাগত দিনত, তেওঁলোকৰ ‘ব্ৰহ্মাস্ত্ৰ’ নামে ছবিখন ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব।