অসম আৰক্ষীৰ এবি. ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল ঘোষণাৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ।লিখিত পৰীক্ষাত অৱৰ্তীন প্ৰাৰ্থীয়ে গউলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় সমীপত সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য য়ে কনিষ্ঠবলকে ধৰি অসম আৰক্ষী বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীয়ে যোৱা ২০ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীন হৈছিল ।লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰা বাবে সাব্যস্ত কৰে প্ৰতিবাদ।
তাপৰ্যপূৰ্ণ কথা যে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পদসমূহ ২০১৭-১৮বৰ্ষত মুকলি কৰা হৈছিল।আনহাতে উক্ত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ পুনৰ একাংশ কনিষ্ঠবল পদৰ বাবে লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ গৃহ বিভাগ।
পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যোজা-যা গৃহ বিভাগৰ।তাতে খৰ্গহস্ত হৈ ৰাজপথলৈ ওলাই আহিছে প্ৰাৰ্থীসকল।তেওঁলোকৰ অভিযোগ ফলাফল ঘোষণা যিমানে পলম হব সিমানে দুৰ্নীতি সংঘটিত হোৱা সম্ভাৱনা থাকে গতিকে ফলাফল শীঘ্ৰে ঘোষণা কৰিব লাগে।
প্ৰাৰ্থীসকলে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেঁওলোকে প্ৰতিবাদ কৰা বাবে আহিছিল যদিও আগ বাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে।প্ৰতিবাদী সকলক আৰক্ষীয়ে আটক কৰি পানবজাৰ আৰক্ষীৰ থানালৈ নিয়ে।তাতো তেওঁলোকৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।