ৰঙালীৰ উছাহৰ মাজতেই নগাঁৱৰ চামগুৰিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। ঢেকাপট্টিৰ পৰা দুপৰীয়া হদহদী জলপ্ৰপাতলৈ অহা এগৰাকী যুৱতী সহ চাৰি যুৱকৰ মাজৰ দুই যুৱকৰ সলিল সমাধি ঘটে।
জলপ্ৰপাতটিৰ পানীৰ সোঁতত হঠাৎ সন্ধানহীন হৈ পৰে দুই যুৱক। দলটোৰ চিঞৰ-বাখৰ শুনি স্থানীয় যুৱক আহি প্ৰথম অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।
চামগুৰি আৰক্ষীৰ উপস্থিতিত পিছত পুনৰ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় দ্বিতীয়জন যুৱকৰো মৃতদেহ।মৃত যুৱক দুজন নগাঁৱৰ ঢেকাইপট্টিৰ ছাজাদুল ইছলাম আৰু ৰাজ বৰা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।