বিহু আমাৰ স্বাভিমান। স্বকীয় মৰ্যাদাৰে বিদ্যমান এই বিহু অসমবাসীৰ জীৱনৰ আয়ুসৰেখা। এই বিহুক প্ৰজন্ম ধৰি প্ৰজন্মৰ মাজত জীয়াই ৰখাটো আমাৰ দায়িত্ব তথা কৰ্তব্য। এই কৰ্তব্য আৰু দায়িত্বক পালন কৰিছে এইবাৰ এগৰাকী অসমীয়া জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই।
অভিনেত্ৰী গৰাকী প্ৰায়ে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। তেওঁ শেহতীয়াকৈ নিজৰ পুত্ৰ-কন্যাৰ সৈতে বিহু উদযাপন কৰাৰ লগতে বিহুৰ সৈতে জড়িত প্ৰতিটো কৃষ্টি-সংস্কৃতিক অৱগত কৰাও দেখিবলৈ পোৱা গ’ল।
উল্লেখ্য যে, জনপ্ৰিয় অভিনেত্ৰী হিচাবে খ্যাতি লাভ কৰা আইমী বৰুৱাই শেহতীয়াকৈ “ছেমখৰ” ৰ জৰিয়তে এগৰাকী সু-পৰিচালক ৰূপেও চিনাকী লাভ কৰিছে। তেওঁৰ ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছবি সমাৰোহত প্ৰদৰ্শন লাভ কৰাৰ লগতে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।