![]()
আলফাত নতুন সদস্য ভৰ্তিত উদ্বিগ্ন মুখ্যমন্ত্ৰী
যোৱা বছৰৰ চাৰি ছেপ্তম্বৰত নতুন দিল্লীত কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা শান্তিচুক্তি সম্পন্ন হোৱাৰ পিছত আজি মূলসূঁতিলৈ ঘুৰি অহা ছয়টা সংগঠন ক্ৰমে, কেএলএনএলএফ, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটি তিনিটা গ্ৰুপৰ প্ৰায় দুই হাজাৰ সদস্যক আজি চাৰিলাখ টকাৰ নিৰ্দিষ্ট জমা কৰি দিয়ে ৰাজ্য চৰকাৰে ৷
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰল্প নিৰ্মানৰ বাবে ১১০ কোটি টকাৰ আঁচনিৰ লগতে বিভিন্ন উন্নয়ণ মূলক কামৰ আঁচনিৰ শুভ উদ্ধোধন কৰে ৷
দুদিনীয়া কাৰ্যসূচীৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত অহা অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে ডিফু চৰকাৰী বালক উচ্চতৰমাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এক বিশাল সভাত মূলসূঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্য সকলৰ মাজত এই সাহায্য প্ৰদান কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত এককালীন সাহায্যৰ ধন মূল সূঁতিলৈ ঘূৰি অহা সদস্য সকলক সৎ কাৰ্যত ব্যৱহাৰ কৰি স্বনিয়োজনত ব্ৰতী হৈ কাৰবি আংলঙ জিলাৰ অৰ্থনীতিক টনকিয়াল কৰিবলৈ আহ্বন জনায় ৷
ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, কাৰবি শান্তি চুক্তিৰ পিছত চুক্তিটোৰ প্ৰতিটো দফাৰ কাম আৰম্ভ কৰা হৈছে ৷
সেই চুক্তি অনুসৰি চুক্তি স্বাক্ষৰিত উগ্ৰপন্থী সংগঠনটোৰ প্ৰায় ১৯০০তকৈ অধিক সদস্যৰ পুণ:সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে চাৰিলাখ টকাৰ নিৰ্দিষ্ট জমা কৰি দিলে ৷ ইয়াৰোপৰি উক্ত উগ্ৰপন্থী সংগঠনকেইটাৰ সদস্য সকলৰ ওপৰত থকা গুৰুতৰ অপৰাধৰ বাহিৰে অনান্য গোছৰ সমূহ প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় ৷
ইয়াৰোপৰি অহা ২৮ এপ্ৰিলত কাৰবি আংলঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী ভ্ৰমণলৈ অহাৰ পিছত সেই দিনটোৰ পৰাই কাৰবি শান্তি চুক্তিৰ অৰ্থনৈতিক পেকেজ সমূহৰ কাম আৰম্ভ কৰা হব বুলি কয় ৷
যোৱা ১১ মাহৰ পৰা কাৰ্বি আৰু বড়ো শান্তি চুক্তিৰ বাবে অসম আৰক্ষী , উগ্ৰপন্থী সংগঠন আৰু সাধাৰণ ৰাইজৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে ধন্যবাদ জনায় ৷
বড়ো আৰু কাৰবি শান্তি চুক্তিৰ পিছত জনজাতি সকলৰ মাজৰ পৰা সহস্ৰ ধাৰণা এক প্ৰকাৰ নাইকিয়া হৈছে বুলি মন্তব্য কৰে ৷ আলফা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক ভাবে সকলো ক্ষেত্ৰত সম্পৰ্ক ৰক্ষা কৰি চলা হৈছে যদিও আলফাত নতুনকৈ সদস্য ভৰ্তি কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
শান্তি চুক্তিৰ লগতে ২০১১ চনৰ এমঅ’এছো সমানে ৰূপায়ণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ আজিৰ সভাত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, পাৰ্বত্য উন্নয়নমন্ত্ৰী যোগেন মোহন, বিধায়কত্ৰয় বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, ৰূপছিং টেৰণ, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তকে প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷












