![]()
বিশ্বজিৎ নেওগ নামৰ এটি চাৰে ছবছৰীয়া শিশু। শেহতীয়াভাবে এই প্ৰতিভাৱান শিশুটিৰ অবিশ্বাস্য প্ৰতিভাত আপ্লুত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উক্ত বিস্ময় বালকজনৰ বিহুনাম প্ৰদৰ্শন আৰু নামঘোষাৰ অসমীয়া ভাঙনি কোৱাৰ যি শৈলী তাত সন্মোহিত হৈছে মুখ্যমন্ত্ৰী।
শিশুটিৰ অবিস্মৰণীয় কলা প্ৰতিভা স্বচক্ষে উপভোগ কৰি মোহিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত তেওঁ এটি টুইট কৰিছে। টুইটটোত লিখিছে, “আজি বিশ্বজিৎ নেওগ নামৰ এটি চাৰে ছয় বছৰীয়া শিশুৰ প্ৰদৰ্শন উপভোগ কৰাৰ সৌভাগ্য হ’ল৷
অতি সুস্পষ্টভাৱে নামঘোষাৰ ভাঙনি কৰাৰ লগতে এটি বিহুনাম গাই মোৰ লগতে উপস্থিত সকলোকে শিশুটিয়ে মোহিত কৰি তুলিলে। মই আশাবাদী যে এনে নিখুঁত প্ৰতিভাৰ বাবে শিশুটি ভৱিষ্যতে আমাৰ ৰাজ্যৰ গৌৰৱ হৈ জিলিকি ৰ’ব।
ভগৱানে তেওঁৰ ওপৰত সদায় কৃপাদৃষ্টি ৰাখক। মোৰ সৈতে সতীৰ্থ মন্ত্ৰী শ্ৰীবিমল বৰায়ো শিশুটিৰ প্ৰদৰ্শন উপভোগ কৰে৷”













