অসম-নাগালেণ্ড সীমান্ত এলেকাৰ কাৰবি আংলং জিলাৰ লাহৰিজানত পুণৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন ৷
প্ৰাপ্তখবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কোঁৱৰৰ নেতৃত্বত চিআৰপিএফ চি কোম্পানীৰ জোৱান আৰু পহৰা চকীৰ ষ্টাফৰ সহযোগত যোৱা নিশা ৯-৩০ মান লাহৰিজান পহৰা চকীৰ সন্মুখত এক নাকা তালাচী অভিযান চলোৱা হয় ৷
তালাচী কালত মণিপুৰ দিশৰ পৰা আহি থক্ এ আৰ ১১ এ ৬৬৫৭ নম্বৰৰ যাত্ৰীবাহী বাছ এখনত তালাচী চলাই অভিযানকাৰী দলটোৱে এজন লোকৰ পৰা ২০ টা চাবোনৰ বাকচত কঢ়িয়াই অনা ২৬৭’,২৯ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰ সেনাপতি জিলাৰ ৩২ বছৰীয়া মমিন বাইটে নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা হেৰইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ