ASSAM TIMES POST
গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে বাগৰি বনাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীজনে পুনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত মুকলি কৰে।

দুয়োটা মুকলি অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, টিংখাঙৰ বিধায়ক বিমল বড়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

ইয়াত নিজৰ ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্যানখনি প্লাষ্টিকমুক্ত আৰু প্ৰদূষণমুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই লক্ষ্যৰে বন বিভাগক স্থানীয় ৰাইজৰ সহযোগত কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে বিভিন্ন প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটকক অসমলৈ আকৰ্ষিত কৰি আহিছে।

দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি কৰিবলৈ ইয়াৰ সুৰক্ষা আৰু স্বচ্ছতাৰ প্ৰতি সজাগ হ’বলৈ উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজক তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীজনে পৰ্যটকৰ সহায়ক হোৱাকৈ প্ৰচাৰ পত্ৰও উন্মোচন কৰে। মিহিমুখত উপস্থিত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীজনৰ লগতে আটাইকেইজন মন্ত্ৰী-সাংসদ-বিধায়কে উদ্যানখনত জীপ চাফাৰী কৰে।












