আজি পুৱা ১০-৩০ বজাৰ পৰা মাৰ যুৱ সন্থাৰ ডিফু আঞ্চলিকৰ উদ্যোগত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উদ্দেশ্য আজি পুৱা ৰক্তদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধ্যক্ষা ডাঃ সুমিত্ৰা হেগজেৰে।
এই সন্দৰ্ভত মাৰ যুৱ সন্থাৰ ডিফু আঞ্চলিকৰ সভাপতি এল কেইভমে সাংবাদিকৰ আগত কয় যে, জুৰুৰীকালীন অৱস্থাত দুৰ্ঘটনা আদিৰ ৰোগীৰ বাবে প্ৰয়োজন হোৱা তেজৰ বাবে মাৰ যুৱ সন্থাই এই ব্যৱস্থা গ্ৰহণ কৰিছে।
প্ৰায় ৪৭ গৰাকী সদস্য ৰক্তদান শিৱিৰত অংশ গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত মাৰ যুৱ সন্থাৰ সভাপতি চাউন ঘাউলিয়েন জত্ততে আৰু সম্পাদক ৰামছিমলিয়েৰ খাওবুং উপস্থিত থাকে।