বিহু আমাৰ জাতীয় জীৱনৰ আয়ুসৰেখা। ব’হাগ বিহুৰ অনন্য ৰূপকলাৰ লগতে ইয়াৰ ইতিহাস তথা ঐতিহ্যকলাৰ পটভূমিত নিহিত হৈ আছে অসমীয়াৰ কৃষিভিত্তিক জীৱন চেতনা। এই বিহুত প্ৰকৃতিয়ে নিজকে নতুন ৰূপলৈ ৰূপান্তৰ কৰে, স্বকীয় মৰ্যাদাৰে বিনন্দীয়া ৰূপত প্ৰকৃতিক তুলি ধৰে।
মাটিৰ লগত স-সম্পৰ্কিত ৰঙালী বিহুৰ সাজ-পাৰৰ নান্দনিকতাই আকৰ্ষণ কৰে বহু পৰ্যটকক। টঙালি, বিহুৱান, হাঁচতি, বচোৱাল, ৰিহা, মেখেলা ইত্যাদি হৈছে আমাৰ স্বাভিমান। আধুনিকাৰ গ্ৰাসত বিহুৰ কিঞ্চিৎ পৰিৱৰ্তন হ’লেও এই আয়ুসৰেখাক ধৰি ৰখাটো আমাৰ কৰ্তব্য তথা দায়িত্ব।
এই কৰ্তব্য তথা দায়িত্বক সাৰোগত কৰি এইবাৰ অসমৰ সু-সন্তান, ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগে বিহু নচুৱালে আন এগৰাকী ক্ৰিকেট খেলুৱৈ য়ুজবেন্দ্ৰ চহলৰ পত্নী ধনশ্ৰীক। দুয়োগৰাকীৰ ভিডিঅ’টিয়ে ইতিমধ্যে সমগ্ৰ অসমত খলকনিৰ সৃষ্টি কৰিছে।
বিহুটিক এনেদৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখিবলৈ পালে কাৰনো ভাল নালাগে? ৰিয়ান পৰাগে প্ৰায়ে ক্ৰিকেট ফিল্ডতো বিহু নাচি দৰ্শক সকলক মুগ্ধ কৰি ৰাখে।