![]()
গুৱাহাটী মহানগৰী পল্টনবজাৰ আৰক্ষী থানা অন্তৰ্গত ছাত্ৰীবাৰীত সংঘটিত ভয়ংকৰ ডকাইটি কাণ্ডৰ মাষ্টাৰ মাইণ্ড অভিযুক্ত টাইজুদ্দিন আহমেদ আৰক্ষীৰ গুলিত নিহত।মূল অভিযুক্ত আহমেদ আৰক্ষী এনকাউন্টাৰত নিহত হোৱা লগতে ঘটনাৰে জড়িত অন্য ৪টা অভিযুক্ত ডকাইত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে।
ধৃত ৪ ডকাইত ক্ৰমে মনোৱাৰ হুছেইন, তাইজুৰ আলী, চিদ্দিক আলী, মহিবুল হক”- বুধবাৰে ক্ৰাইম ব্ৰাঞ্চত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাই মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।
উল্লেখ্য যে যোৱা ৪এপ্ৰিলত ছাত্ৰীবাৰী এটা এপাৰ্টমেণ্টত সংঘটিত ডকাইটি কাণ্ডৰ।আয়ুক্ত গৰাকীয়ে অৱগত কৰা মতে অভিযুক্ত মাষ্টাৰ মাইণ্ড তাইজুদ্দিনক আৰক্ষীয়ে গুৱাহাটীতে গ্ৰেপ্তাৰ কৰিছিল।
ব্লু ডাৰ্টৰ কৰ্মচাৰী আছিল।মঙলবাৰে নিশা আৰক্ষীয়ে তাইজুদ্দিনকলৈ ছিপাঝাৰৰ সানোৱাতাৰী অভিযান চলায়।অভিযানত এটা ঘৰৰ ভিতৰৰ পৰা ৬০ হাজাৰ টকা উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আন এটা ঘৰৰ পৰা আৰু টকা উদ্ধাৰ কৰিব বুলি আৰক্ষীক লৈ যোৱা সময়তে উক্ত স্থানত এটা পিষ্টল উলিয়াই আৰক্ষীৰ দলটোক আক্ৰমণ কৰে।প্ৰত্যুৰত আৰক্ষীয়ে ধৃত তাইজুদ্দিনৰ গাত গুলি কৰিবলৈ বাধ্য হয় আৰু আৰক্ষী গুলিত নিহত হয় তাইজুদ্দিন।
আনহাতে আৰক্ষীৰ আন এটা অভিযানকাৰী দলে দক্ষিণ শালমাৰা পৰা আন ৪ডকাইতক গ্ৰেপ্তাৰ কৰে। এজন ডকাইতৰ ঘৰৰ ভিতৰত গাত খান্দিপুটি থোৱা অৱস্থাত আ অলংকাৰ উদ্ধাৰ হৈছে।
ইফালে পল্টনবজাৰ সমগ্ৰ ডকাইতি কাণ্ডটোত ঘৰুৱা কাম কৰা মহিলা ভনী নাথে ডকাইতৰ দলটোক সহায় কৰিছিল।বিগত ৪মাহে ছাত্ৰীবাৰী কিৰণশ্ৰী ৰেচিডেন্সি গৌতম চাজেৰ ঘৰত কাম কৰিছিল ভনী নাথে।
উক্ত ডকাইতি কাণ্ড সংঘটিত হোৱা দিনা ভনী নাথ গৌতম চাজেৰ ঘৰতে আছিল।আৰক্ষীয়ে ইতিমধ্যে ভনী নাথক গ্ৰেপ্তাৰ কৰিছে।তাপৰ্যপূৰ্ণ কথা পাঁচ ডকাইতে নগদ ১১ লাখ টকা আৰু ২০লাখ টকাৰ আ অলংকাৰ লুটি নিয়া বুলি থানাত এজাহাৰ দিছিল পৰিয়ালটোৱে।













