“গুৰুত্বপূৰ্ণ কথা যে ৰোগাক্ৰান্ত শিশুটি সুস্থ হৈ উঠাত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া কথা আছিল।”
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰহস্যজনক ঘটনা। চিকিৎসাধীন হৈ থকা ৭মহীয়া শিশু সন্ধানহীন। বৃক্ক ৰোগত আক্রান্ত শিশুটিক ২৪মাৰ্চত ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয়খনত। বুধবাৰে পুৱা এই ভয়ংকৰ নিৰুদ্দেশ ঘটনাটো সংঘটিত হৈছে।
চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল হাজো, কলিতাকুছিৰ নৱ কলিতা আৰু বিজুমণি দাসৰ ৭ মহীয়া সন্তান প্ৰিয়ম কলিতা। মঙলবাৰে নিশা শিশুটিয়ে কিছু আমনি কৰিছিল। মাতৃয়ে নিশা পিতৃ লগত শিশুটি ৰাখি টোপনি গৈছিল।
পিতৃয়ে নিশাটো শিশুটিক ছোৱা চিতা কৰি পুৱতি নিশা শিশুটি পুনৰ আমনি কৰা বাবে তাতে থকা এগৰাকী মহিলাক দিছিল। মহিলাগৰাকীৰ কোলাতে শিশুটিক ৰাখি পুৱা ৪.৩০ বজাত পিতৃ টোপনি যায়। পুৱা ৫.৩০বজাত পিতৃ-মাতৃ টোপনি পৰা সাৰ পাই দেখে শিশুটি সৈতে মহিলাগৰাকী নাই।
মহিলাগৰাকীৰ সৈতে শিশুটি ৱাৰ্ডত নাইকিয়া হোৱাত চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে -এই কথা জনাই জিএমচিএইচ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

তাপৰ্যপূৰ্ণ কথা মহিলা গৰাকী কোনো পৰিচিত নাছিল পিতৃ-মাতৃৰে। ইফালে ঘটনা সন্দৰ্ভত চিকিৎসায় কৰ্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।চিকিৎসালয় চিচিটিভি পৰীক্ষা কৰি মহিলা গৰাকীক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও শৰ্মাই লগতে কয়।
গুৰুত্বপূৰ্ণ কথা যে ৰোগাক্ৰান্ত শিশুটি সুস্থ হৈ উঠাত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া কথা আছিল। কিন্তু তাৰ পূৰ্বে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো।













