![]()
এক নতুন অৱতাৰত আৱিৰ্ভাৱ হ’বলৈ আগবাঢ়িছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। শীঘ্ৰেই তেওঁৰ অভিষেক ঘটিব বলিউডত। অৱশ্যে অভিনেতা হিচাবে নহয়, পৰিচালক হিচাবেহে বলিউডত খোজ পেলাবলৈ আগবাঢ়িছে তেওঁ। ৰেড চিলিছ এণ্টাৰটেইনমেণ্টৰ আগন্তুক ৱেব ছিৰিজ পৰিচালনা কৰিব আৰিয়ানে। উক্ত ছিৰিজৰ চিত্রনাট্যও তেওঁৰে।
উল্লেখ্য, পূৰ্বতে একাধিক সাক্ষাৎকাৰত শ্বাহৰুখ খানে কৈছিল, অভিনয় নহয়, পৰিচালনাতহে আগ্রহ বেছি আৰিয়ানৰ। কেইমাহমান পূৰ্বে ৱেব ছিৰিজৰ চিত্রনাট্যৰ বাবে শ্বাহৰুখক কেইবাখনো হলিউড ছবিৰ স্বত্ব ক্ৰয় কৰিবলৈ আৰিয়ানে জনোৱা বুলি গুজৱ উঠিছিল।
আনহাতে, বহুকেইখন হলিউড ছবিৰ হিন্দী ৰিমেক কৰিব বিচাৰে আৰিয়ানে। সেয়ে পুত্ৰৰ ইচ্ছা পূৰণত এতিয়া সঁহাৰি দি আগবঢ়াই দিছে বলিউড বাদশ্বাহে।













