
ক্ৰমাৎ যেন অপৰাধী ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। নিতৌ বৃদ্ধি হৈছে হত্যাকাণ্ড ঘটনা। সোমবাৰে পুৱাই বামুণীমৈদাম বিজি কলনী, শিতলাবাড়ীত উদ্ধাৰ হয় এটা মৃতদেহ।
দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱা মৃতদেহটো কাজল চন্দ্ৰ দাসৰ বুলি চিনাক্ত কৰা হৈছে। ডিঙি কাটি হত্যা কৰে দাসক। উল্লেখ্য বি পি চালিয়া নগৰৰ নিৰ্বাসী ধৃত দাস দেওবাৰৰ পৰা ঘৰত নাছিল।
দেওবাৰে সন্ধিয়া ৬ বজাত পৰিয়ালৰ সৈতে শেষবাৰ ফোনেৰে যোগাযোগ কৰিছিল দাসে। সেইসময়ত ব্যস্ত থকা বুলি কৈ ফোনটো কাটি দিছিল। তাপৰ্যপূৰ্ণ মৃত দাসে কপাৰেটিভ ছচাইটিৰ এলপিজি গেছৰ হোম ডেলিভাৰী কৰিছিল।
আনহাতে সোমবাৰে পুৱা ৫ বজাত পৰিয়ালে মৃতদেহৰ কথা অৱগত হৈছিল। স্থানীয় আৰু পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি মৃত কাজলে মাজে সময়ে মদ্যপান কৰিছিল। জেষ্ঠ্য ভাতৃ মতে মৃতদেহ উদ্ধাৰ হোৱা স্থানত মাজে সময়ে মদ্যপান কৰিব আহিছিল।

ইফালে আন এক খবৰ মতে হত্যাকাণ্ড সংঘটিত হোৱা স্থানত নিশা প্ৰায় ৯.৪৫ বজালৈ আন দুগৰাকী ব্যক্তিয়ে সৈতে মদ্যপান কৰিছিল কাজলে। দুই ব্যক্তিৰ আছিল বাণী আৰু জয়ন্ত।
আনহাতে মৃতদেহ উদ্ধাৰ হোৱা পাছতে চানমাৰি থানাই এজনক সোধ-পোচৰ বাবে আটক কৰে।












