গুজৰাটৰ ভাৰুচ জিলাৰ এটি ৰাসায়নিক কাৰখানাত বিস্ফোৰণত মৃত্যু হ’ল ৬ শ্রমিকৰ। আহমেদাবাদৰ পৰা প্রায় ২৩৫ কিলোমিটাৰ দূৰৈৰ দাহেজ ঔদ্যোগিক অঞ্চলত অৱস্থিত উক্ত কাৰখানাটোত সোমবাৰে পুৱতিনিশা ৩ বজাত এই অগ্নিকাণ্ড ঘটে।
#Bharuch (#Gujarat)- There is a #blast in organic company. Till now 6 people have been died. Investigation is going on to know the reason behind it. pic.twitter.com/e08tZyheiF
— Siraj Noorani (@sirajnoorani) April 11, 2022
ভাৰুচৰ আৰক্ষী অধাক্ষক লীনা পাটিলে জনোৱা মতে, ছয়জনে এটি চুল্লিৰ কাষত কাম কৰি আছিল। তাতেই হঠাৎ বিস্ফোৰণ ঘটে। অগ্নিদগ্ধ হৈ মৃত্যু হয় শ্রমিককেইজনৰ।
চুল্লিত বিস্ফোৰণৰ ফলত কাৰখানাটোত জুই লাগে।
চুল্লির ওচৰত কর্মৰত ছয়জনৰ আটাই কেইজনৰেই মৃত্যু হৈছে। জুই ইতিমধ্যে নিয়ন্ত্রণলৈ অনা হৈছে। অৱশ্যে এই ছয়জনৰ বাহিৰে আন কোনোবা আহত বা নিহত হৈছে নেকি সেয়া জানিব পৰা হোৱা নাই।
বিস্ফোৰণৰ কাৰণ উদ্ঘাটনৰ বাবে ইতিমধ্যে তৎপৰ হৈছে প্রশাসন।