![]()
ডিমা হাছাও জিলাৰ হাফলঙত আজি বিয়লি সংঘটিত হোৱা এক ভূমিস্খলনৰ ঘটনাত এজন শ্ৰমিক নিহত হোৱাৰ বাতৰি পোৱা গৈছে। নিহত শ্ৰমিকজন কৰিমগঞ্জ জিলাৰ বদৰপুৰ থানাৰ অন্তৰ্গত মালাইদিগিপাৰ নিবাসী আলাউদ্দিন (৪৩) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি প্ৰায় ১২.৩০ বজাত হাফলং থানাৰ অন্তৰ্গত গাডাইনৰাজিত থকা এক নিৰ্মাণ প্ৰকল্পত কাম কৰি থকা অৱস্থাত অকস্মাতে ওপৰৰ পৰা বাগৰি অহা মাটিয়ে ইয়াত কৰ্মৰত শ্ৰমিকজনক হেঁচা মাৰি ধৰাত শ্ৰমিকজন থিতাতে নিহত হয়। উক্ত সময়ত উক্ত স্থানত মুঠ তিনিজন শ্ৰমিকে কাম কৰি আছিল যদিও ইয়াৰে আন দুজন শ্ৰমিকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানত অকৰ্তৃত্বশীলভাৱে নিৰ্মাণ কাম চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx