![]()
ভাৰতীয় চলচ্চিত্রৰ ইতিহাসত নতুন ৰেকর্ড গঢ়িলে পৰিচালক এছ এছ ৰাজামৌলিৰ ‘আৰআৰআৰ’ ছবিখনে।
এই পর্যন্ত বক্স অফিচ কালেকচনৰ হিচাবত দেশৰ শ্ৰেষ্ঠ চিনেমা আছিল ‘বাহুবলী ২’। কিন্তু মুক্তিৰ প্রথম সপ্তাহতেই ‘বাহুবলী ২’ক চেৰাই গৈছে ‘আৰআৰআৰ’-এ। ২৫ মার্চত ডাঙৰ পর্দাত মুক্তিলাভ কৰিছে ছবিখনে। বুধবাৰৰ ভিতৰত সমগ্ৰ বিশ্বত ১০০০ কোটিৰ ব্যৱসায় কৰিছে ‘আৰআৰআৰ’ ছবিখনে।
আনকি হিন্দীতো অতিক্ৰম কৰি গৈছে ২০০ কোটিৰ সীমা। ব্লকবাষ্টাৰ ছবিখনৰ বাবে বুধবাৰে মুম্বাইত ‘গ্ৰেন্ড ছাকছেছ পার্টি’ৰ আয়োজন কৰিছিল নির্মাতাসকলে। তাত উপস্থিত আছিল অভিনেতা আমিৰ খান, জনি লিভাৰ, পৰিচালক অয়ন মুখাৰ্জী, শাৰদ কেলকাৰ, দর্শন কুমাৰ, কৰণ জোহৰ, ৰাখি ছাৱন্ত আদি। কিন্তু গ্ৰেন্ড পার্টিত দেখা নগ’ল আলিয়া ভাটক।

বিভিন্ন সংবাদ মাধ্যমৰ সূত্র মতে, ‘আৰআৰআৰ’ ছবিখনৰ মুক্তিৰ পিছত ৰাজামৌলিৰ সৈতে তিক্ততা বাঢ়িছে আলিয়াৰ। ছবিখনত মাত্র ১০ মিনিট দেখা গৈছে তেওঁক। বলিউডৰ প্রথম শ্ৰেণীৰ অভিনেত্রীগৰাকীৰ প্রথম দক্ষিণী চিনেমাত অভিনয়ৰ পিছতো তেওঁক লৈ কোনো চর্চা হোৱা নাই। সেই কাৰণে ছচিয়েল মিডিয়াৰ পৰাও ছবিখনৰ পোষ্টাৰ মচি দিছিল আলিয়াই। অৱশ্যে এই গুঞ্জনৰ পিছত তেওঁ মন্তব্য কৰে, এইবোৰ সকলো ভুৱা চৰ্চা। তেওঁৰ আৰু ৰাজামৌলিৰ সুসম্পর্ক পূৰ্বৰ দৰেই আছে।













