![]()
ড্ৰাগছখিনিৰ ওজন ৩৯০ গ্ৰাম আৰু ইয়াৰ বজাৰমূল্য প্ৰায় ৩ কোটি বুলি মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক সুব্ৰতিব লাল বৰুৱাই জানিব দিয়ে ।
মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীয়ক সুব্ৰতিব লাল বৰুৱাৰ নেতৃত্বত যোৱা মৰিগাঁও, লাহৰীঘাট আৰু ভেলুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত দাতিয়ালবড়ীত তিনি সৰবৰাহকাৰীৰ লগতে তিনি কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
ড্ৰাগছ সৰবৰাহকাৰী তিনিটা হৈছে ক্ৰমে হাটপাৰাৰ জেহিৰুল ইছলাম ,বৰথল কচাৰিগাঁৱৰ অনিৰুল ইছলাম আৰু চেলিমা খাতুন। AS02 CC0989 নম্বৰৰ এখন টাটা মোবাইল গাড়ীৰে ড্ৰাগছখিনি কঢ়িয়াই আনোতে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছৰ লগতে অভিযুক্ত কেইটা ।













