![]()
দিল্লীৰ ৰোহিণী অঞ্চলত এটি ৮ বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰে ১৩ বছৰীয়া এটি কিশোৰে। অভিযুক্তক সোমবাৰে গ্রেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জনাইছে।
নিহত আৰু অভিযুক্তৰ মাজত বহু দিনৰ পৰা কাজি য়াচলি আছিল। আৰক্ষী সূত্র মতে, খঙৰ ৰাগত প্রতিশোধ ল’বলৈয়েই এই পদক্ষেপ।
যোৱা শনিবাৰে বিয়লি শিশুটি ঘৰলৈ নহাত স্থানীয় থানাত অভিযোগ দাখিল কৰে তেওঁৰ পৰিয়ালে। শিশুটিয়ে বন্ধুৰ ঘৰত খেলিবলৈ যোৱা বুলি তেওঁলোকে জনাইছিল। অভিযোগ লাভ কৰি শীঘ্ৰেই তদন্তত নামে ৰোহিণী থানাৰ আৰক্ষী।
প্রথমতে সন্ধান নাপালেও পিছত জানিব পৰা যায়, ১৩ বছৰীয়া কিশোৰটি তেওঁৰ বন্ধু। নিজৰ মাজত কাজিয়া লগাৰ পিছত অভিযুক্তই শিশুটিক অপহৰণ কৰি হাবিৰ ভিতৰলৈ লৈ যায় আৰু হত্যা কৰে। আৰক্ষীয়ে হাবিৰ মাজৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰে কৰে।
ৰোহিণী থানাৰ উপ আৰক্ষী অধীক্ষকে জনোৱা মতে, “শিশুটিক শিলেৰে মৰিয়াই মাৰি অভিযুক্তই নিহতৰ মোবাইল ফোন লৈ পলাই যায়।”
উল্লেখ্য, শিশুটিৰ মাতৃৰ টকা-পইচাসহ অন্যান্য কিছু সামগ্ৰী হেৰুওৱাক লৈ দুয়োজনৰ মাজত কাজিয়া আৰম্ভ হয়। পিছত খঙৰ বশৱর্তী হৈয়ে শিশুটিক হত্যা কৰে।













