![]()
গুৱাহাটী মহানগৰীত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনাৰ পোহৰলৈ আহিছে।ভিনীয়েকৰ কামনাৰ বলি এগৰাকী ১৪বছৰীয়া কিশোৰী।খুলখালী গৰাকীৰ বৰ্তমান অন্তসত্বা।উজানবজাৰ উৰিয়াবস্তিত সংঘটিত হৈছে এই জঘন্য ঘটনা।ভুক্তভোগী কিশোৰী আইতাক আৰু মাহীয়েকে পানবজাৰ মহিলা আৰক্ষীৰ থানাত গোচৰ দাখিলৰ পাছতে পোহৰলৈ আহিছে এই জঘন্য কাণ্ড কথা।
উল্লেখ্য যে আইতাক আৰু মাহীয়েকে দেওবাৰে বিয়লি ৫বজাত দাখিল কৰিছিল এজাহাৰ।কিশোৰী গৰাকীৰ দুদিন পূৰ্বে স্বাস্থ্য বেয়া হৈছিল।স্বাস্থ্য পৰীক্ষা কৰোৱাত অন্তসত্বা বুলি ধৰা পৰে।
ইফালে পানবজাৰ মহিলা আৰক্ষী থানাই ২৪/২২নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ধাৰা ৩৭৬(২)(আই) সংলগ্নধাৰা POSCO ৬ অধীনত দেওবাৰেই মেঘালয়ৰ বৰ্ণিহাটত আত্মগোপন কৰি থকা অৱস্থাত ধৃত কেশৱ দাস(২১) গ্ৰেপ্তাৰ আৰু কিশোৰী গৰাকীক উদ্ধাৰ কৰে।বৰ্ণিহাটৰ পৰা চাইল্ড লাইনৰ সহযোগত পানবজাৰ মহিলা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক।তাপৰ্যপূৰ্ণ কথা ধৃত কেশৱৰ পত্নী সিহঁতৰ লগতে থকা কথা জনাইছে আৰক্ষীয়ে।
কিশোৰী গৰাকী জ্যেষ্ঠভগ্নীক বিয়া কৰাইছিল ধৃত কেশৱে।বর্তমান এটি কন্যা সন্তানৰ পিতৃ।ধৃত কেশৱক গ্ৰেপ্তাৰ কৰি অন্তসত্বা কিশোৰী গৰাকীক চাইল লাইন্ডক গতাই দিয়ে আৰক্ষীয়ে।আজি আৰক্ষীয়ে ধৃত কেশৱক হাজিৰ কৰিব আদালত।













