![]()
আনন্দৰ লহৰ কমেডিয়ান ভাৰতী সিং আৰু প্রযোজক হর্ষ লিম্বাচিয়াৰ সংসাৰত। নতুন অতিথিৰ আগমন ঘটিল তেওঁলোকৰ মাজলৈ। দেওবাৰে প্রথম সন্তানৰ মাতৃ হ’ল ভাৰতী। তেওঁ আৰু হর্ষৰ কোচলৈ আহিল এটি পুত্র সন্তান। মুম্বাইৰ এখন ব্যক্তিগত হস্পিটেলত সন্তানটিৰ জন্ম দিয়ে ভাৰতীয়ে। নিজৰ এখন ৰোমান্টিক ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি এই সুসংবাদটি দিছে ভাৰতী আৰু হৰ্ষে।
তেওঁলোকৰ ছবি এখনৰ কেপচনত ভাৰতীয়ে লিখিছে, ‘পুত্ৰ হৈছে’! সন্তান জন্মৰ পিছৰ প্রথম পোষ্টতেই তেওঁলোকক শুভেচ্ছাৰে উপচাই পেলাইছে বলিউডৰ তাৰকাসকলে।

উল্লেখ্য, ২০১৭ চনত গোৱাত বিবাহপাশত আবদ্ধ হৈছিল ভাৰতী আৰু হর্ষ। ইয়াৰ পিছত একেলগে একাধিক ৰিয়েলিটি শ্ব সঞ্চালনা কৰা দেখা গৈছে তেওঁলোকক। তাৰ মাজতেই যোৱা ডিচেম্বৰত অন্তঃসত্ত্বা হোৱাৰ খবৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ভাৰতীয়ে।













