![]()
আজি মাৰ্ঘৰিটাৰ দিহিং চাহ বাগিছাৰ সমীপৰ চাইদিঙত ডেম ট্ৰেইনৰ খুন্দাত নিহত যুৱক জনৰ নাম হৈছে দীপক ছেত্ৰী। স্থানীয় ৰাইজৰ পৰা লাভ কৰা তথ্য অনুসৰি, ২১ বছৰীয়া দীপক ছেত্ৰী পুৱা প্ৰাতঃভ্ৰমণৰ বাবে ওলাই মোবাইলেৰে কথা পাতি ৰেল লাইন পাৰ কৰিবলৈ লওতেই ডিব্ৰুগড় অভিমুখী ডেম ট্ৰেইনখনে মহতিয়াই নিয়ে যুৱকজনক।
ঘটনাস্থলীত লিডু আৰু তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তিনিচুকীয়া হাস্পাতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।













