
শাৰীৰিক অত্যাচাৰ, যৌন আতিশয্যৰ অভিযোগত তদন্ত শেষ হ’ল বলিউডৰ জনপ্রিয় নৃত্য প্রশিক্ষক গণেশ আচার্যৰ বিৰুদ্ধে। শুক্রবাৰে মুম্বাই আৰক্ষীয়ে গণেশৰ বিৰুদ্ধে উক্ত চার্জশ্বিট জমা দিয়ে।
২০২০ চনত গণেশৰ সৈতে একেই পেছাত জড়িত হৈছিল এগৰাকী মহিলা নৃত্য প্রশিক্ষক। তেৱেঁই গণেশৰ বিৰুদ্ধে প্রশাসনৰ ওচৰত উক্ত লিখিত অভিযোগ দাখিল কৰিছিল।
মহিলা নৃত্য প্রশিক্ষকগৰাকীয়ে দাখিল কৰা অভিযোগৰ তদন্ত শেষ হয় মার্চ মাহত। পিছত ওশিৱাড়া থানাৰ আৰক্ষীয়ে আন্ধেৰীৰ মেট্রোপলিটন মেজিষ্ট্ৰেট আদালতত তদন্তৰ সবিস্তাৰ তথ্যসম্বলিত অভিযোগ-পত্র জমা দিয়ে।
আচার্যৰ বিৰুদ্ধে ধাৰা ৩৫৪ও (যৌন অত্যাচাৰ), ৩৫৪চি, ৩৫৪ডিসহ বিভিন্ন ধাৰাত অভিযোগ দাখিল কৰা হৈছে। লগতে, সহ-নৃত্য প্রশিক্ষকক শাৰীৰিকভাবে আঘাত কৰা, শালীনতাৰ সীমা উলঙ্ঘন কৰা, বিনা কাৰণত ভয় দেখুওৱা বুলিও অভিযোগ। সহকাৰী আৰক্ষী পৰিদৰ্শক সন্দীপ শিন্ডেই জনোৱা মতে, ১৪ মার্চত গণেশৰ বিৰুদ্ধে অভিযোগ-পত্র জমা দিয়ে আৰক্ষীয়ে।
উল্লেখ্য, অভিযোগকাৰীৰ ভাষ্য অনুযায়ী, তেওঁ গণেশৰ সৈতে সহকাৰী নৃত্য প্রশিক্ষক হিচাবে কাম কৰিছিল। কামৰ শেষত তেওঁ ২৫ হাজাৰ টকা পোৱাৰ কথা আছিল। কিন্তু সেয়া দিবলৈ অস্বীকাৰ কৰে গণেশে। ওলোটাই তেওঁক যৌন উৎপীড়নহে চলায়।














