ৰঙালী বিহু সাতবিহুৰ পৰম্পৰা মাজত অনুষ্ঠিত নহয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ১৯ এপ্ৰিলৰ নির্বাচন দিন সলনি নিৰ্বাচন আয়োগৰ। অহা ২২এপ্ৰিলত পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত হ’ব গুৱাহাটীত। ২৪ এপ্ৰিলত ভোটগণনা আৰু ফলাফল ঘোষণা হ’ব। গুৰুত্বপূৰ্ণ কথা যে পূর্বতে ২১এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হোৱা কথা আছিল। কংগ্ৰেছ, অগপকে ধৰি বহুকেইটা ৰাজনৈতিক দলে নিৰ্বাচনৰ দিন সলনি কৰা দাবী জনাইছিল।
ইফালে ইতিমধ্যে নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া সামৰণি পৰিছে।শুকুৰবাৰে মনোনয়ন প্ৰাৰ্থীৰ পৰীক্ষণ আৰু প্ৰাৰ্থী তালিকা প্ৰকাশ পাব।